October 28, 2025 8:36 PM October 28, 2025 8:36 PM
38
ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম- প্রহ্লাদ যোশী
ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম বুলি কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত আন্তৰাষ্ট্ৰীয় সৌৰজোটৰ সভাৰ অষ্টম সত্ৰত অংশগ্ৰহণ কৰাৰ সময়ত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধানমন্ত্রী সূর্যঘৰ আঁচনিৰ অধীনত ঘৰৰ মুখচত ২১ লাখ সৌৰ শক্তি উৎপাদন গোট স্থাপন কৰা হৈছে আৰু প্রায় ৫০ শতাংশ জনসাধাৰণে বিদ্যুৎ মাচুলৰ পৰা মুক্তি লাভ কৰিছে। তেওঁ কয় যে প্রধানমন্ত্রী কুসুম আঁচনিৰ অধীন...