January 20, 2025 8:55 PM

views 32

অস্থায়ী কর্মীসকলক শীঘ্ৰেই শ্রমিক সুৰক্ষাৰ অধীনত অনা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মন্দাভিয়াই আজি কয়, যে অস্থায়ী কর্মীসকলক অতি শীঘ্ৰেই শ্রমিক সুৰক্ষাৰ অধীনত অনা হ’ব। নতুন দিল্লীত অনুষ্ঠিত অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলৰ বাবে আনুষ্ঠানিককৰণ আৰু সামাজিক সুৰক্ষা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত ভাষণ দি ড° মন্দাভিয়াই এইদৰে জানিবলৈ দিয়ে। কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ শ্ৰমিকক সামাজিক সুৰক্ষা প্ৰদান কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিব বুলি তেওঁ কয়।