November 27, 2024 9:03 PM

views 116

সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়াত গুৰুত্ৱ আৰোপ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়ি তোলাৰ ওপৰত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত গুৰুত্ব আৰোপ কৰে। সাংসদ অৰুণ গোভিলে সামাজিক মাধ্যমত প্ৰচাৰিত কেতবোৰ বিষয়ে নৈতিক মূল্যবোধত নেতিবাচক প্ৰভাৱ পেলায় বুলি উত্থাপন কৰা এটা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে সংসদীয় স্থায়ী সমিতিয়ে এই বিষয়টো বিবেচনা কৰিব লাগে। তেওঁ কয় যে সামাজিক মাধ্যমসমূহ সৃষ্টি হোৱা স্থানসমূহৰ সৈতে ভাৰতবৰ্ষৰ জনসাধাৰণৰ সাংস্কৃতিক সংবেদনশ...