November 16, 2025 12:14 PM

views 35

সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ মাদক দ্ৰব্যৰ আসক্তিৰ দৰে মাৰাত্মক হ’ব পাৰে: মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস

সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ মাদক দ্ৰব্যৰ আসক্তিৰ দৰে মাৰাত্মক হ’ব পাৰে। সামাজিক মাধ্যমৰ প্ৰতি অধিক আসক্তিৰ ফলত মানসিক অস্থিৰতাত ভোগাৰ সম্ভাৱনা থাকে। আকাশবাণী গুৱাহাটীৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে এইদৰে মন্তব্য কৰে। সাম্প্রতিক সময়ত ৰাজনীতিক, পৰীক্ষার্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি সন্দর্ভতো তেওঁ আলোকপাত কৰে। সকলো ধৰণৰ মানসিক ৰোগ জন্মগত নহয় আৰু ৯০ শতাংশ মানসিক ৰোগ চিকিৎসাৰ দ্বাৰা নিৰাময় হয় বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ১৫ বছৰ বয়সৰ আ...

October 5, 2025 12:00 PM

views 32

সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে আইনী দিশসমূহৰ প্ৰতি সচেতন হ’বলৈ দৃষ্টিপাতত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিৰ আহ্বান

সামাজিক মাধ্যম অত্যন্ত শক্তিশালী আৰু ইতিবাচক তথা ৰুচিসন্মতভাৱে ব্যৱহাৰ কৰিলে ই আমাৰ মানসিকতাক প্ৰতিফলিত কৰাই নহয় সমাজতো ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত সামাজিক মাধ্যমে অনা পৰিৱৰ্তন আৰু সমাজ সন্দৰ্ভত আলোচনাত অংশ লৈ কালি সমাজকর্মী তথা লেখিকা অৰ্চনা বৰঠাকুৰে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে সামাজিক মাধ্যম জনমত গঠনৰ শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈ উঠে। এই অনুষ্ঠানত অধিবক্তা নন্দিতা তালুকদাৰে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হোৱাৰ লগতে আইনী দি...

September 9, 2025 2:50 PM

views 20

সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰৰ পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল

■ সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। উল্লেখযোগ্য যে কালি সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে নৱপ্ৰজন্মই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰশাসনে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে কেতবোৰ বিক্ষিপ্ত ঘটনা ঘটে আৰু ১৯ গৰাকী লোক নিহত হোৱাৰ লগতে ৩০০ জনতকৈও অধিক লোক আহত হয়। নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী গুৰুঙে কেবিনেটৰ জৰুৰী বৈঠকৰ পাছত চৰকাৰে সামাজিক মাধ্যমৰ মঞ...