July 23, 2024 10:09 AM July 23, 2024 10:09 AM
3
ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ ৭২ খন বুজাবুজিৰ চুক্তি
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ বিভাগে কালি নতুন দিল্লীত ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টার্টআপসমূহৰ সৈতে ৭২ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষভাৱে সক্ষম লোকসকলক সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে সৱল কৰি তোলাই এই বুজাবুজিৰ চুক্তিসমূহৰ প্ৰধান লক্ষ্য। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ আৰু ৰাজ্য মন্ত্ৰী বি এল বাৰ্মাৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিকেইখনত স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ কুমাৰে কয...