January 4, 2025 11:52 AM

views 14

জম্মু-কাশ্মীৰ, লাডাখ, গিলগিত, বালতিস্তান, মুজাফৰবাদত আজি আৰু কাইলৈ প্ৰবল বৰষুণ-তুষাৰপাতৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জম্মু-কাশ্মীৰ, লাডাখ, গিলগিত, বালতিস্তান আৰু মুজাফৰবাদত আজি আৰু কাইলৈ প্ৰবল বৰষুণ আৰু তুষাৰপাত হ'ব বুলি আগজাননী দিছে। হিমাচল প্ৰদেশৰ বিভিন্ন স্থানতো অহা দুদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱা আছে। আনহাতে পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰাখণ্ডতো পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অহা দুদিনত দেশৰ উত্তৰ-পশ্চিম আৰু মধ্যভাগত ঘন কুঁৱলী আৰু শীত অব্যাহত থাকিব বুলি আগলি বতৰা দিছে।