October 28, 2025 8:50 PM

views 42

ভাৰতৰ স্মৃতি মন্ধানাৰ মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ

ভাৰতৰ স্মৃতি মন্ধানাই মহিলাৰ এদিনীয়া ক্রিকেটৰ বাচনি তালিকাত শীর্ষ স্থান লাভ কৰিছে। মান্ধানাই ৮২৮ পইন্টেৰে এই কীৰ্তিত্ব অর্জন কৰিছে। মান্ধানা দ্বিতীয় স্থানত থকা অস্ট্রেলিয়াৰ এছলে গার্ডেনাৰতকৈ এশ পইন্ট আগবাঢ়ি আছে। মান্ধানাই আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে ১০৯ ৰাণ আৰু বাংলাদেশৰ বিৰুদ্ধে অপৰাজিত ৩৪ ৰাণ সংগ্ৰহ কৰিছে। খেলুৱৈগৰাকী যোৱা চেপ্তেম্বৰত মাহটোৰ আই চি চি মহিলা খেলুৱৈৰূপে ঘোষণা কৰা হৈছিল।

December 23, 2024 12:30 PM

views 38

ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানা এই বৰ্ষৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে পৰিগণিত

ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই কালি মহিলা ক্রিকেটত নতুন অভিলেখ গঢ়ে । বদোদৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ৯১ ৰাণ কৰি মান্ধানাই ২০২৪ বৰ্ষত সামগ্ৰিকভাৱে সংগ্ৰহ কৰা ১,৬০২ ৰানৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ লৌৰা ৱ'লভাৰ্টৰ ১,৫৯৩ ৰাণৰ অতিক্ৰম কৰি একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে পৰিগণিত হয়। মাত্র ৩৬ খন খেলতে খেলুৱৈগৰাকী এই অভিলেখৰ গৰাকী হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ দুখন খেল বাকী থকা অৱস্থাত তেওঁ নিজৰ ৰানৰ পৰিমাণ অধিক বৃদ্ধি কৰাৰ সুযোগ পাব। উল্লেখযোগ্য যে চলিত মাহতে ট...