June 19, 2025 12:32 PM June 19, 2025 12:32 PM

views 7

কামৰূপ জিলাৰ অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণ

■ কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমিনগাঁৱত অৱস্থিত গুৱাহাটী বায়’টেক পাৰ্কত হ'বলগীয়া এই অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

December 24, 2024 3:56 PM December 24, 2024 3:56 PM

views 11

চলিত বিত্তীয় বৰ্ষত স্মাৰ্টফোনৰ ৰপ্তানি ১ লাখ ৭০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত স্মাৰ্টফোনৰ ৰপ্তানি ১ লাখ ৭০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয়, যে চলিত বিত্তীয় বৰ্ষত প্ৰথম আঠমাহত স্মাৰ্টফোনৰ ৰপ্তানি মূল্যই ১ লাখ কোটি অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত উৎপাদন সংযোজিত উদগনি আঁচনিৰ কথা উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয়, যে এই আঁচনিৰ ফলতে বিগত বছৰৰ তুলনাত এইবছৰত দেশৰ স্মাৰ্টফোনৰ ৰপ্তানি ৪৫ শতাংশলৈ বৃদ্ধি হৈছে। এই আঁচনিখনে তিনি লাখ প্ৰত্যক্ষ আৰু ৬ লাখ ...