May 16, 2024 11:23 AM May 16, 2024 11:23 AM

views 16

গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক

এখন চৰকাৰী বৈঠকত ভাগ লোৱাৰ পাছতে কালি গুলীবিদ্ধ হোৱা শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে। দেশখনৰ মন্ত্ৰী মাটুছ সুতাজ এষ্টকে এই আক্রমণক দেশখনৰ ওপৰত হোৱা আক্রমণ বুলি অভিহিত কৰে। আক্রমণকাৰীয়ে শ্রীফিকোক লক্ষ্য কৰি পাঁচবাৰ গুলী চলোৱা বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই ঘটনাক গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণ হিচাপে উল্লেখ কৰি দেশখনৰ উপ-প্ৰধানমন্ত্ৰীক আজি নিৰাপত্তা পৰিষদৰ বৈঠকৰ জৰিয়তে পৰিস্থিতিৰ মূল্যায়নৰ বাবে আহ্বান জনাব বুলি প্রকাশ কৰে।