June 10, 2024 11:59 AM June 10, 2024 11:59 AM

views 7

ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে আজি ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতা প্রেম সিং টামাঙৰ শপতগ্ৰহণ

ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এছ কে এম)ৰ নেতা প্রেম সিং টামাঙে আজি ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । গেংটকৰ পালিজোৰ ষ্টেডিয়ামত বিয়লি ৪ বজাত শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শ্ৰীটামাং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে, টামাঙে এইবাৰ দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিব। শপতগ্রহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত গেংটক পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়, বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ থাকিব। শপতগ্রহণ...