November 30, 2025 7:49 PM

views 24

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্রতিবেদন দাখিলৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠনৰ প্রতিবাদ

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে কালি প্রতিবেদন দাখিল কৰাৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠন প্রতিবাদমুখৰ হৈ পৰিছে। আজি সদৌ অসম ট্রাইবেল সংঘৰ উদ্যোগত কেইবাটাও জনজাতীয় সংগঠনে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পলটনবজাৰত থকা জনজাতীয় জিৰণি চ'ৰাত প্রতিবেদন দাহ কৰি ট্রাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীয়ে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই জনজাতীয় লোকসকলক অধিক বঞ্চিত কৰিব। সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্রত যথেষ্ট আগবাঢ়ি থকা তথা জনবহুল জনগোষ্ঠীসমূহক উপত্যকা জনজাতি হ...

November 23, 2025 8:54 PM

views 32

ৰাজ্যৰ বিভিন্ন জিলাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ তথা স্বায়ত্ত শাসন আৰু ভূমিপট্টা প্ৰদানৰ দাবীক লৈ প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ বিভিন্ন জিলাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবাদ অব্যাহত আছে। আজি ওদালগুৰি জিলাত কোচ-ৰাজংবশী ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা প্রদান, ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন, বি টি চিত কোচ-ৰাজবংশীক ভূমিৰ অধিকাৰ প্ৰদানকে ধৰি কেইবাটাও দাবী তোলে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্রাধিক লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি শীঘ্রেই জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী উত্থাপন কৰে। টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে জনগোষ্ঠীটোক স...