November 30, 2025 7:49 PM November 30, 2025 7:49 PM
13
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্রতিবেদন দাখিলৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠনৰ প্রতিবাদ
ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটে কালি প্রতিবেদন দাখিল কৰাৰ পিছতে বিভিন্ন জনজাতীয় দলসংগঠন প্রতিবাদমুখৰ হৈ পৰিছে। আজি সদৌ অসম ট্রাইবেল সংঘৰ উদ্যোগত কেইবাটাও জনজাতীয় সংগঠনে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পলটনবজাৰত থকা জনজাতীয় জিৰণি চ'ৰাত প্রতিবেদন দাহ কৰি ট্রাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীয়ে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই জনজাতীয় লোকসকলক অধিক বঞ্চিত কৰিব। সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্রত যথেষ্ট আগবাঢ়ি থকা তথা জনবহুল জনগোষ্ঠীসমূহক উপত্যকা জনজাতি হ...