January 10, 2026 12:42 PM

views 10

বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব

ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব। ভৈয়াম জনজাতিৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কালি এই কথা প্ৰকাশ কৰি কয়, যে এই প্রতিবেদনৰ কোনো সংশোধন নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰতিবেদনখনত থকা দুই-এটা আসোঁৱাহ শুদ্ধ কৰি আৰু কেন্দ্ৰীয় চৰকাৰে বিচৰা তিনিটা বিষয় স্পষ্ট কৰি প্ৰতিবেদনখন প্ৰেৰণ কৰা হ'ব। ডাঃ পেগুৱে কয়, যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ছটা জনগোষ্ঠীক কিদৰে জনজাতিকৰণ কৰা হ'ব, সংৰক্ষণৰ ব্যৱস্থা কেনেকুৱা হ'ব আৰু অন্যান্...