June 9, 2025 12:33 PM

views 11

শিৱসাগৰত ৱাটাৰ প’ল’ খেলৰ ৰাজ্যিক বাছনি শিবিৰ

শিৱসাগৰত কালিৰে পৰা ৱাটাৰ প’ল' খেলৰ ৰাজ্যিক বাছনি শিবিৰ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ বাঢ়ৈটিঙত জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আৰু অসম সাঁতোৰ সন্থাৰ তত্ত্বাৱধানত অনুষ্ঠিত এই শিবিৰ কালি অসম সাঁতোৰ সন্থাৰ উপ-সভাপতি দেৱ হাজৰিকাই উদ্বোধন কৰে। এসপ্তাহ ধৰি চলিবলগীয়া এই শিবিৰৰ পৰা জুলাইৰ প্ৰথম ভাগত আহমেদাবাদ আৰু কলকাতাত অনুষ্ঠিত হ'বলগীয়া ৱাটাৰ প’ল' খেলৰ বাবে অসম দল নিৰ্বাচন কৰা হ'ব। ল'ৰা আৰু ছোৱালীৰ জুনিয়ৰ আৰু ছিনিয়ৰ দুটা শাখাৰ বাবে খেলুৱৈ নিৰ্বাচনৰ উদ্দেশ্যে অনুষ্ঠিত এই শিবিৰত গুৱাহাটী, তিতাবৰ, যো...