June 20, 2025 9:09 PM
7
শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদটো স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত অ’ এন জি চিৰ
শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদটো তেল আৰু প্ৰাকৃতিক গেছ নিগম অর্থাৎ অ' এন জি চিয়ে স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেলত কয়, যে বিগত ৮ দিন ধৰি অ' এন জি চিয়ে একাধিক পদ্ধতিৰ ব্যৱহাৰেৰে গেছ নিৰ্গমণ ৰোধ কৰিবলৈ চেষ্টা কৰি আহিছে। অ’ এন জি চিয়ে গেছ নিৰ্গমণৰ সুৰুঙাটো ঢাকিবলৈ অধিক সুৰক্ষিত কৌশল প্ৰয়োগ কৰিছে আৰু ইয়াৰে প্ৰায় ৫০ শতাং...