October 29, 2025 11:33 AM

views 15

শিৱসাগৰ জিলাৰ দিছিয়ালত দিখৌ নৈত যুৱকৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰ জিলাৰ দিছিয়ালত কালি দিখৌ নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱকজনক শিৱসাগৰৰ আমোলাপট্টিৰ মুনীন দাস বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে। যোৱা শনিবাৰৰ পৰা যুৱকজন সন্ধানহীন হৈ আছিল। যুৱকজনৰ মটৰ চাইকেল, মোবাইল ফোন আদি সেইদিনাই ঢুলীয়াপাৰত উদ্ধাৰ হৈছিল যদিও যুৱকজনৰ সন্ধান পোৱা হোৱা নাছিল।