January 25, 2025 12:28 PM

views 10

শিৱসাগৰত ২৭-২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

শিৱসাগৰৰ ৰংপুৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত ২৭ আৰু ২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। এই সভাৰ বাবে প্ৰস্তুতি পূর্ণ গতিত চলি আছে। শিৱসাগৰত হ'বলগীয়া এই সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ হাজাৰৰো অধিক ছাত্র প্রতিনিধি, বিশিষ্ট ব্যক্তি, শিল্পী, কলা- কুশলীয়ে অংশগ্ৰহণ কৰিব। জিলাখনৰ ঐতিহ্য-পৰম্পৰাক পৰিকল্পিতৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যে তলাতল ঘৰৰ বাকৰিৰ মূল মণ্ডপৰ সন্মুখত চৰাইদেউৰ এটা প্ৰতীকী মৈদাম নিৰ্মাণ কৰা হৈছে। এই প্রতীকী মৈদামৰ মাজেৰেই সাধাৰণ সভাৰ অতিথি-প্ৰতিনিধি আৰু অন্য...