December 29, 2025 8:19 PM December 29, 2025 8:19 PM
8
এম জি এনৰেগা আঁচনিত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী
কেন্দ্রীয় কৃষি, কৃষক কল্যান আৰু গ্রামীন বিকাশ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে পূৰ্বৰ এম জি এনৰেগা আঁচনিত থকা আসোঁবাহসমূহ দূৰ কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী কৰিছে। আজি উত্তৰাখণ্ডৰ গৌচৰত ৰাজ্যিক কৃষক দিৱস ২০২৫ অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয়, যে পূৰ্বৰ আঁচনিখনে এশ দিনৰহে নিশ্চিত নিয়োগ প্রদান কৰিছিল আৰু নতুন আইনে এই নিশ্চিত ১২৫ দিনলৈ বৃদ্ধি কৰিলে। উল্লেখযোগ্য যে বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টক...