December 14, 2025 12:16 PM
21
কংগ্ৰেছ নেতা তথা প্রাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ শেষকৃত্য মহাৰাষ্ট্ৰৰ লাটুৰত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন
বিশিষ্ট কংগ্ৰেছ নেতা তথা প্রাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ শেষকৃত্য কালি তেওঁৰ গৃহজিলা মহাৰাষ্ট্ৰৰ লাটুৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যানুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় সেঠ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক ছাৱন্ত আৰু কৰ্ণাটকৰ মন্ত্ৰী ঈশ্বৰ খান্দ্ৰে আদি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে, প্রাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাৰ্টিলৰ যোৱা শুকুৰবাৰে ৯১ বছৰত দেহাৱসান হয়।