January 19, 2026 2:24 PM

views 16

জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকশিত ভাৰত জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰী চৌহানে কয় যে এম জি এনৰেগাৰ জৰিয়তে কংগ্ৰেছে দিয়া সুবিধাসমূহ কেৱল কাগজত হে উপলবদ্ধ আছিল। দলটোৱে নিজৰ আদৰ্শ, ধাৰণা আদি ত্যাগ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ কল্যাণ তথা দেশৰ প্ৰগতিৰ সৈতে কংগ্ৰেছ দলৰ কোনো সম্পর্ক নাই। শ্ৰী চৌহানে কয় যে বিকশিত ভাৰত জি ৰাম জি আইনৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ প...

December 26, 2025 8:15 PM

views 26

বিকশিত ভাৰত জি ৰাম জী আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলত উন্নয়নমূলক কাম-কাজ অব্যাহত আছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে বিকশিত ভাৰত জি ৰাম জী আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলত উন্নয়নমূলক কাম-কাজ অব্যাহত আছে। ডী ডী নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীচৌহানে কয় যে এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ লোকৰ নিয়োগ নিশ্চিতৰ মজুৰি ১০০ৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰৱৰ্তন কৰা বিকশিত ভাৰত জি ৰাম জী আইনৰ অধীনত আবেদনৰ ১৫ দিনৰ ভিতৰত কাম নাপালে নিবনুৱা ভাট্টা বাধ্যতামূলক কৰা হৈছে। তেওঁ লগতে ...

December 8, 2025 8:23 PM

views 17

ভাৰতত কুঁহিয়াৰ উৎপাদন ৪৪ শতাংশ বৃদ্ধি পাইছে : মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০১৪ চনৰ পৰা ভাৰতত কুঁহিয়াৰ উৎপাদন ৪৪ শতাংশ বৃদ্ধি পাইছে বুলি আজি প্রকাশ কৰিছে। নতুন দিল্লীত কৃষি বাণিজ্য শীর্ষ সম্মিলন ২০২৫ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বজাৰ অন্বেষণ আঁচনিৰ অধীনত কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। ১ হেক্টৰতকৈ কম মাটি থকা ক্ষুদ্র কৃষকসকলৰ ক্ষেত্ৰত সংহত কৃষি আৰ্হি গ্ৰহণ কৰাৰ ক্ষেত্ৰত শ্রীচৌহানে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে উদ্যান শস্যৰ ক্ষেত্ৰত যদি...

November 24, 2025 6:36 PM

views 23

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ উদ্বোধন কৰে। নিজৰ ভাষণত শ্রীসিঙে দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ধৰিত্ৰীক সুৰক্ষিত ৰখাৰ প্ৰয়োজনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতৰ বসুধৈব কুটুম্বকম বাণীৰ প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয়, যে ভাৰতবৰ্ষত পৌৰাণিক কালৰে পৰা মানুহৰ লগত সকলো জীৱৰ অস্তিত্ব আৰু অধিকাৰৰ প্ৰতি সজাগ মনোভাৱ আছে। তেওঁ লগতে কৃষি ক্ষেত্ৰত আধুনিকীকৰণৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। উল্লেখযোগ্য ...

October 31, 2025 1:39 PM

views 32

FPO সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ ভাষণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে দেশত বৰ্তমানলৈকে ১০ হাজাৰ কৃষক উৎপাদক সংস্থা অর্থাৎ FPO স্থাপন কৰা হৈছে আৰু ইয়াৰে কিছু সংখ্যক FPOৰ ব্যৱসায় ১০০ কোটি টকালৈ বৃদ্ধি হৈছে। নতুন দিল্লীত কালি দুদিনীয়াকৈ আয়োজন কৰা FPO সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বৰ্তমান এহেজাৰ ১০০ FPO কোটিপটীলৈ পৰিণত হৈছে। ইয়াৰ জৰিয়তে প্ৰায় ৫২ লাখ কৃষক উপকৃত হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, যে চৰকাৰে এই পদক্ষেপৰ জৰিয়তে ২ কোটি কৃষকক সামৰি লোৱাৰ লক্ষ্য নিৰ্...