November 27, 2025 7:47 PM
17
ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰী কৰ্মচাৰীসকলৰ দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন
চৰকাৰী কৰ্মচাৰীৰ বাবে ২০০৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা প্ৰৱৰ্তন কৰা নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰী কৰ্মচাৰীসকলে দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কৰ্মচাৰীসকলে সকলো চৰকাৰী কৰ্মচাৰীকে পুৰণি পেন্সন ব্যৱস্থাৰ আওতালৈ অনাৰ দাবীৰে বিভিন্ন শ্ল'গানেৰে অসম পশুধন উন্নয়ন অভিকৰণৰ কার্যালয় চৌহদত প্রতিবাদ সাব্যস্ত কৰে। এই প্রতিবাদী সভাত সদৌ অসম ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা কৰ্মচাৰী সংস্থাৰ সাংগঠনিক সম...