June 27, 2024 7:41 PM June 27, 2024 7:41 PM

views 20

 জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে শিৱসাগৰ পৌৰসভাৰ অনলাইন গুগল শ্বীটৰ ব্যৱস্থা

শিৱসাগৰ পৌৰসভাই নগৰখনৰ জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অনলাইন গুগল শ্বীটৰ ব্যৱস্থা কৰিছে। পৌৰসভাক অধিক জনমুখী কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি পৌৰ কৰ্তৃপক্ষই এখন সংবাদমেলযোগে জানিবলৈ দিছে। এই গুগল শ্বীটৰ জৰিয়তে নগৰখনৰ ৰাইজে পৌৰ এলেকাৰ বাট পথ, নলা-নর্দমা, স্ট্রিট লাইট, জাৱৰ সংগ্ৰহ, খোৱাপানী আদিৰ লগতে পৌৰসভাৰ আওঁতাত থকা বিভিন্ন বিষয় সন্দৰ্ভত জনাৰ সুবিধা লাভ কৰাৰ লগতে তেওঁলোকৰ অসুবিধা তথা অভিযোগ দাখিল কৰিব পাৰিব বুলি সাংবাদিকক জানিবলৈ দিছে।

June 1, 2024 8:04 PM June 1, 2024 8:04 PM

views 4

অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি কেইবাটাও সংগঠনে বহিৰাগত লবীৰ ষড়যন্ত্ৰৰ ফলত অ এন জি চিৰ অসম সম্পদক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চল...