December 28, 2024 10:09 PM December 28, 2024 10:09 PM

views 11

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত ৩দিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত

শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত সপ্তদশ দ্বি-বার্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মহাবিদ্যালয় প্ৰাংগণত এই উপলক্ষে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদৌ অসম কবি সন্মিলনৰ ৩৭ খন পতাকা একেলগে উত্তোলন কৰা হয়। সন্মিলনৰ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে আজিয়েই সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচিত কৰা হয়

December 22, 2024 8:41 PM December 22, 2024 8:41 PM

views 6

বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান

সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক আজি শিৱসাগৰত ২০২৪ বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত অগ্ৰণী প্ৰকাশন প্রতিষ্ঠান বাক্যই আগবঢ়োৱা এই বঁটা লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শ‍ইকীয়াই ঔপন্যাসিকগৰাকীক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানতে ড০ ৰীতামণি বৰাৰ গল্পসংকলন, সত্যজিৎ নাথৰ কাব্য সংকলন, মিন্টু সাগৰ দাসৰ গ্ৰন্থ আৰু কাব্য আলোচনী ভাষাও উন্মোচন কৰা হয়। অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাব তথা গড়গাঁও মহাবিদ্যালয়ৰ সভাপতি ড০ সব্যসাচী মহন্ত...

December 10, 2024 7:34 PM December 10, 2024 7:34 PM

views 15

শিৱসাগৰৰ বৰপুখুৰীত উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰপুখুৰীত কালি উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হয়। কালি পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণৰ বাবে অহা লোকে বৰপুখুৰীত এটা মৃতদেহ ওপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে সহজে ধন উপাৰ্জনৰ ফান্দত ভৰি দি সৰ্বস্বান্ত হৈয়েই এই অভিযন্তাগৰাকীয়ে আত্মহননৰ পথ বাছি লোৱা বুলি প্ৰাৰম্ভিক অনুসন্ধানত কোৱা হৈছে।

November 12, 2024 9:10 AM November 12, 2024 9:10 AM

views 19

শিৱসাগৰৰ হাফলুটিং বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন

শিৱসাগৰ জিলাৰ হাফলুটিং বৰনামঘৰ আৰু কলা-কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ মাধ্যমেৰে আৰম্ভ হ'বলগীয়া ৭০ সংখ্যক মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বৰনামঘৰৰ নৱনিৰ্মিত কীৰ্তন গৃহৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ৰাসক্রীড়া মহোৎসৱৰ পাছত ১৬ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ...

October 20, 2024 12:13 PM October 20, 2024 12:13 PM

views 13

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহলৈ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মাতৃভাষা বঁটা ২০২৪

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক আজি মাতৃভাষা বঁটা ২০২৪ প্ৰদান কৰা হ'ব। শিৱসাগৰ নগৰৰ সমীপৰ ধাইআলিত থকা ইমৰান শ্বাহৰ বাসগৃহত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। যোৱা ৬ অক্টোবৰত মঙলদৈত অনুষ্ঠিত শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত সফলতাৰে অনুষ্ঠিত হৈ যোৱা সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসত লোৱা সিদ্ধান্তমর্মে ইমৰান শ্বাহক এই বঁটা প্ৰদান কৰা হ'ব বুলি অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে জানিবলৈ দি...

September 23, 2024 12:10 PM September 23, 2024 12:10 PM

views 11

শিৱসাগৰৰ ষ্টেচন চাৰিআলিত আৰক্ষীৰ অভিযানত ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ ২ মাদক দ্রব্য সৰবৰাহকাৰীক আটক

শিৱসাগৰ জিলা আৰক্ষীয়ে যোৱা নিশা শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অভিযান চলাই ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ দুটা মাদকদ্রব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা নগদ ধন আৰু মোবাইল ফোনৰ এখন মটৰচাইকেল জব্দ কৰে।

September 3, 2024 5:44 PM September 3, 2024 5:44 PM

views 9

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সঁজাতি দলৰ শিৱসাগৰ ভ্ৰমণ

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ এটা সঁজাতি দলে আজি শিৱসাগৰ ভ্ৰমণ কৰে। সংগঠনটোৰ সভাপতি ইছলামুল হক মণ্ডলৰ নেতৃত্বত অহা ৪ জনীয়া দলটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি দেশী, গৰিয়া-মৰিয়া, চৈয়দ আৰু জলহা খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। সজাতি দলটোৱে উজনিলৈ কাম কৰিবলৈ যোৱা দেশী শ্রমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে বীৰ লাচিত সেনা, সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। স...

July 16, 2024 1:23 PM July 16, 2024 1:23 PM

views 2

দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ কালি সামৰণি

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্রীয় প্ৰতিষ্ঠা দিৱসৰ কালি সামৰণি পৰে। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কালি সন্ধিয়া কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। কাৰ্যসূচীত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বর্তমান চৰকাৰে চিন্তা-চৰ্চা কৰি আছে বুলি মন্তব্য কৰে। অনুষ্ঠানত ৰংপুৰ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

July 15, 2024 12:27 PM July 15, 2024 12:27 PM

views 14

দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কৰিছে। এই কাৰ্যসূচীৰ অংশহিচাপে তেওঁ পুৱাৰ ভাগত ইতিহাস প্রসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে। ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে, জিলাখন ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল'ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কেইবাখনো জনজাতীয় গাঁও ভ্ৰমণ কৰি বান পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। আজি দিনৰ ভাগত তেওঁ জলজীৱন আঁচনিৰ খতিয়ান লোৱাৰ লগতে নিতাই পুখুৰীত নৱনিৰ্মিত আহোম পথাৰ ...

June 28, 2024 6:48 PM June 28, 2024 6:48 PM

views 13

শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্ধাৰিত ২০ লাখ ঘৰৰ ভিতৰত ১৮ লাখ ৬০ হাজাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ বজাৰসমূহৰ মহলদাৰ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে...