May 12, 2025 6:27 PM May 12, 2025 6:27 PM

views 5

শিৱসাগৰ জিলাৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিৰ জয়লাভ

শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিৰ ১২ খন জিলা পৰিষদৰ ৬ খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। বাকী ৬ খন আসনৰ ৫ খনত দলটোৱে অগ্ৰগতি লাভ কৰিছে। খেলুৱা জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৭ খন আঞ্চলিক পঞ্চায়তৰ ঘোষিত ফলাফলতো বিজেপি আগুৱাই আছে। দলটোৱে ২৩ খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপই ৩ খন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। নাজিৰা বিধানসভা সমষ্টিত বিজেপিয়ে ১৯ খন আঞ্চলিক পঞ্চায়তত জয়লাভ কৰিছে। সমষ্টিটোত অগপই এখন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছে। শিৱসাগৰ জিলাৰ ড...

April 23, 2025 6:55 PM April 23, 2025 6:55 PM

views 6

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণতৰ ঘটনাক গৰিহণা দি শিৱসাগৰ নাগৰিক সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৮ গৰাকী নিৰীহ লোক নিহত হোৱাৰ ঘটনাক গৰিহণা দি আজি শিৱসাগৰ নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নাগৰিক সমাজে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হত্যা-হিংসা বন্ধ কৰাৰ দাবী জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ দিলীপ শ‍ইকীয়াই পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক কাপুৰুষালী আখ্যা দি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

March 20, 2025 7:01 PM March 20, 2025 7:01 PM

views 11

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এই প্ৰবক্তাসকলৰ ন্যায্য দাবী পূৰণ কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে।

February 14, 2025 8:01 PM February 14, 2025 8:01 PM

views 17

ঐতিহাসিক শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত দৌল উন্নয়ন পৰিষদে সংবাদ মেল পাতি বিগত বছৰৰ দৰে এইবাৰো শিৱদৌলত শিৱৰাত্ৰী উদযাপনৰ দিহা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। শিৱদৌল উন্নয়ন পৰিষদে জনোৱা অনুসৰি শিৱদৌলত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়াকৈ শিৱৰাত্ৰী উদযাপন কৰা হ'ব। শিৱৰাত্ৰী উপলক্ষে আয়োজন কৰা মেলাত বিগত বছৰৰ দৰে এইবাৰো থলুৱা ব্যৱসায়ীৰ লগতে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিব। ২৬ ফেব্ৰুৱাৰীৰ নিশা ৯ বাজি ৩০ মিনিটত পুজা আৰম্ভ হ'ব আৰু ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯.৩০ বজাত শিৱৰাত্ৰীৰ পুজা সমাপ্ত হ'ব। দৌল পৰিষদে জন...

February 10, 2025 1:35 PM February 10, 2025 1:35 PM

views 16

বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠান আৰম্ভ

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি এই উপলক্ষে মহাবিদ্যালয়খনত প্ৰাক্তন ছাত্ৰীসকলৰ মহামিলন আৰু অন্তৰংগ সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কালি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। আজি দিনৰ ভাগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ বীৰেন বৰকটকী সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তোষেশ্বৰ দত্তৰ আৱক্ষ মূৰ্তি উ...

February 10, 2025 1:25 PM February 10, 2025 1:25 PM

views 16

আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ সামৰণি

শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলে দৰগাহলৈ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি আজানপীৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰ‍ উপলক্ষে অনুষ্ঠিত জিকিৰ প্ৰতিযোগিতাত কেইবাটাও দলে জিকিৰ পৰিৱেশন কৰে। কালি অনুষ্ঠিত মুকলি সভাত ডিব্ৰুগড় বিশ্ববি...

February 7, 2025 6:55 PM February 7, 2025 6:55 PM

views 16

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ বোর্ডিং খেলপথাৰত এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা আৰু ডিমৌ সমষ্টিৰ প্ৰায় ১,৫০০ খেলুৱৈয়ে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিব। ৩ দিনীয়াকৈ আয়োজিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে, ওদালগুৰি...

January 27, 2025 7:10 PM January 27, 2025 7:10 PM

views 9

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। তলাতল ঘৰ প্ৰাংগণত স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ উদ্বোধন আৰু তোৰণ মুকলি কৰি এই সভাৰ শুভাৰম্ভ কৰা হয়। আজিৰ প্ৰথম দিনা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই সমন্বয় ক্ষেত্ৰ আৰু তোৰণ আনুষ্ঠানিকভাবে মুকলি কৰে। ইয়াৰ পাছত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশৰ্মাই অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী কৰাৰ লগতে দশম শ্ৰেণী পর্যন্ত অসমীয়া বিষয়ক বাধ্যত...

January 15, 2025 7:42 PM January 15, 2025 7:42 PM

views 14

শিৱসাগৰ জিলাৰ পৰ্যটনৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰভূত উন্নয়ন কৰিব পৰা যাব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি শিৱসাগৰত টাই-আহোম যুৱ পৰিষদে আয়োজন কৰা পঞ্চদশ বাৰ্ষিক ৰংপুৰ মেলা শীতকালীন উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰংপুৰ মেলাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি আয়োজকসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীবৰুৱাই ৰাজ্য চৰকাৰে জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। শিৱদৌল, জয়দৌল, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ আদিকে ধৰি আহোম সাম্ৰাজ্যৰ ঐতিহাসিক সমলেৰে ভৰি থকা ...

December 30, 2024 12:48 PM December 30, 2024 12:48 PM

views 14

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ সামৰণি

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ কালি সামৰণি পৰে। দুশৰো অধিক প্ৰতিযোগিৰ অংশগ্রহণেৰে অনুষ্ঠিত প্রতিযোগিতাৰ পুৰুষ শাখাত কামৰূপ দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। প্ৰতিযোগিতাত গোলাঘাট আৰু শোণিতপুৰ দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ শাখাত গোলাঘাট চেম্পিয়ন হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ জিলা হিচাপে শোণিতপুৰ আৰু ডিমাহাচাও নিৰ্বাচিত হয়।