September 5, 2025 7:33 PM September 5, 2025 7:33 PM

views 11

শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান-বাহনৰ নিয়মাৱলী, প্রতিমা বিসর্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি সমূহক এই বৈঠকত জিলা প্ৰশাসনৰ নিয়মাৱলী সম্পৰ্কে অৱগত কৰা হয়। জিলা প্রশাসনে প্রতিখন পূজা মণ্ডপত চি চি টিভিৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে পূজা সমিতি সমূহক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্য্যাপ্ত পোহৰৰ ব্...

August 31, 2025 9:58 PM August 31, 2025 9:58 PM

views 13

অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰংপুৰ জিলা ক্রীড়া সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

উত্তৰ-পূবৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰংপুৰ জিলা ক্রীড়া সন্থাই শিৱসাগৰৰ জয়সাগৰত দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২০০৪ চনৰ এথেন্স অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা ভাৰোত্তোলক প্ৰতিমা কুমাৰী দেৱীয়ে এই প্রতিযোগিতাৰ উদ্বোধন কৰে। প্ৰায় ডেৰ শতাধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত অংশ লয়। এই অনুষ্ঠানতে ১৩ গৰাকী সমাজকৰ্মী আৰু সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

July 28, 2025 6:39 PM July 28, 2025 6:39 PM

views 8

ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন আটাছুৰ

শিৱসাগৰ জিলাৰ ৰংঘৰৰ বাকৰিত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, আটাছুৱে এখন সংবাদ মেলৰ আয়োজন কৰি জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে। আটাছুৱে পূৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনক ইয়াৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিয়ে। সংগঠনটোৱে ৰংঘৰ, পহুগড়, ৰংগনাথ মন্দিৰ আৰু যমুনাৰ সংৰক্ষণ আৰু দখলমুক্ত কৰাৰ দাবী কৰে। সংগঠনটোৱে লগতে ৰংঘৰ চৌহদৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে জল নিষ্কাষণ ব্যৱস্থা উন্নত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়।

July 23, 2025 6:38 PM July 23, 2025 6:38 PM

views 15

শিৱসাগৰত সমষ্টিভিত্তিত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি

শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভাৰ সহযোগত অনুষ্ঠিত এই কর্মশালাত যোগাসন, বাঁহী বাহন, কলা আৰু ভাস্কৰ্য বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কর্মশালাখনত ৪৫ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। যোৰহাট জিলাৰ টীয়কত কৃষ্টিৰ কঠিয়া গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰো আজি সামৰণি পৰে। এই কৰ্মশালাত ৪০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষ...

June 24, 2025 12:58 PM June 24, 2025 12:58 PM

views 21

ভটিয়াপাৰত ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমন আগন্তুক দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নিৰ্গমন অহা দুই- এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ - কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যাহত আছে। গেছ নিগমনৰ উৎস বন্ধ কৰাৰ বাবে গুৱাহাটীৰ পৰা নিয়া বুম ক্রেন অর্থাৎ দীঘলীয়া ক্রেনখনকো কামত লগোৱা হৈছে। গেছ নিৰ্গমনৰ পৰিমাণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই ঘটনাস্থলীৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ...

June 23, 2025 7:18 PM June 23, 2025 7:18 PM

views 19

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত ১২ দিনে অ’ এন জি চিয়ে সকলো সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি গেছ নিগমন ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি অ’ এন জি চিৰ অসম সম্পদৰ সাধাৰণ প্ৰবন্ধক কে এন ছাংৱানে সংবাদ মাধ্যমক সদৰি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ...

June 23, 2025 5:57 PM June 23, 2025 5:57 PM

views 4

নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঐতিহাসিক ৰংঘৰৰ চাৰিওফালে পানী জমা হৈছে। নগৰখনৰ নলা-নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবেই এই ঐতিহাসিক ঠাইডোখৰ কৃত্ৰিম বানৰ কৱলত পৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।

June 19, 2025 6:47 PM June 19, 2025 6:47 PM

views 16

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নির্গমন হৈ আছে। ইয়াৰ মাজতে আজি পুৱা ২০৪ নম্বৰ খাৰুৱা তেল খাদত গেছৰ অত্যধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰণ সংঘটিত হয়। স্থানীয় লোকে এই সন্দৰ্ভত কৰ্তৃপক্ষক খবৰ দিয়াৰ পাছত অ' এন জি চি কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিধায়ক অখিল গগৈয়ে গেছ নির্গমন ৰোধ কৰিব নোৱাৰাৰ বাবে অ' এন জি চি কৰ্তৃপক্ষক সমালোচন...

June 2, 2025 9:07 PM June 2, 2025 9:07 PM

views 13

শিৱসাগৰ নগৰৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ

শিৱসাগৰ আৰক্ষীয়ে আজি নগৰখনৰ সমীপৰ ভটিয়াপাৰত মাদক দ্রব্য জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এখন বাহনত তালাচী চলাই মাদক দ্রব্যখিনি জব্দ কৰে। ধৃত যুৱক দুজনে চাবোনৰ বাকচত মাদক দ্রব্যখিনি লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

May 29, 2025 6:22 PM May 29, 2025 6:22 PM

views 5

শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমাৰ বাবে জিলা কৃষি বিভাগৰ আহ্বান

কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচনিৰ অধীনত মাত্ৰ এশ টকাত ১ হেক্টৰ কৃষি ভূমিৰ শস্য বীমা কৰিব পাৰিব বুলি জিলা কৃষি বিভাগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে কৃষকসকলে শালি খেতিৰ বাবে ৩১ জুলাই পর্যন্ত পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ বাবে আধাৰকাৰ্...