November 17, 2024 6:56 PM

views 13

শিৱসাগৰৰ নামতিত অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰত ভাৰোত্তোলক মীৰাবাঈ ছানু সমল ব্যক্তি হিচাপে অংশগ্ৰহণ

শিৱসাগৰ জিলাৰ নামতিত দুদিনীয়া অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰৰ আজি সামৰণি পৰে । এই বাছনি শিবিৰত টকিঅ' অলিম্পিক ৰূপৰ পদকজয়ী ভাৰোত্তোলক মীৰাবাঈ ছানুৱে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত আৰু অসম ভাৰোত্তোলন সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ৰাজ্যখনৰ তিনিশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশ শ্ৰীৰাম ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আৰু মীৰাবাঈ ছানুৰ নেতৃত্বত সম্পন্ন হোৱা এই শিবিৰৰ পৰা প্ৰতিভাৱান ভাৰোত্তোলক বাছনি কৰা হয়। এই শিবিৰৰ পৰা নিৰ্বাচিত ছাত্...