July 20, 2025 7:17 PM

views 31

সাহিত্যিক পুণ্য শ‍ইকীয়ালৈ ২০২৫ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

বিশিষ্ট সাহিত্যিক পুণ্য শ‍ইকীয়ালৈ ২০২৫ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা আগবঢ়োৱা হৈছে। বৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ময়িদুল ইছলাম বড়াৰ স্মৃতিত প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে। ড০ বৰাৰ ১২৬ সংখ্যক জন্ম বার্ষিকীৰ সৈতে সংগতি ৰাখি শিৱসাগৰ প্ৰেছ ক্লাবত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতাই জনাইছে।