November 14, 2024 6:39 PM November 14, 2024 6:39 PM
3
শিৱসাগৰৰ ডিমৌত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ৫ হাজাৰ বৰ্গফুটৰ ধান ক্রয় কেন্দ্র মুকলি
ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰ জিলাৰ ডিমৌৰ দিহাজানত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ৫ হাজাৰ বৰ্গফুটৰ এটা ধান ক্রয় কেন্দ্র উদ্বোধন কৰে। এই ধান ক্রয় কেন্দ্ৰটোৰ জৰিয়তে বৃহত্তৰ ডিমৌ অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে ন্যূনতম সমর্থিত মূল্যত ধান বিক্ৰী কৰিব পাৰিব। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ তথা বৰ্তমানৰ ৰাজ্য চৰকাৰে কৃষকৰ আয় দুগুণৰ বাবে বৃদ্ধি কৰ...