July 29, 2025 11:16 AM

views 27

শিৱসাগৰৰ ৰংঘৰ, যমুনা, বংগনাথ মন্দিৰ, পহুগড়ক দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দাবী উত্থাপন

শিৱসাগৰৰ ৰংঘৰ, যমুনা, বংগনাথ মন্দিৰ আৰু এছিয়াৰ প্ৰথমখন চিৰিয়াখানাৰূপে জনজাত পহুগড়ক দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে। কালি ৰংঘৰৰ বাকৰিত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৱে জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী জনায়। আটাছুৱে ইয়াৰ বাবে পূৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনক সাদিনৰ সময়সীমা বান্ধি দিয়ে। তেওঁলোকে ছশ বছৰীয়া আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ দখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰাৰ লগতে উচিতভাৱে সংৰক্ষণ কৰিবলৈ দাবী জনায়। সংগঠনটো...