September 1, 2024 7:37 PM

views 17

শিৱসাগৰত ৩০ টা দল সংগঠনৰ উমৈহতীয়া সংবাদমেল

শিৱসাগৰত আজি ৩০ টা দল সংগঠনে উমৈহতীয়াভাৱে এখন সংবাদমেলৰ আয়োজন কৰি অসমত খিলঞ্জীয়াৰ অস্বিত্ব ৰক্ষাৰ উদ্দেশ্যে অক্টোবৰ মাহৰ শেষৰ ফালে বিশাল গণসমাবেশৰ আয়োজন কৰা হব বুলি প্ৰকাশ কৰিছে। তেওঁলোকে সমগ্ৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত গণ আন্দোলনৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে। খিলঞ্জীয়াৰ স্বাৰ্থ সংকটত পেলাব পৰা কোনো ৰাজনৈতিক ষড়যন্ত্র তথা ধৰ্মীয় মেৰুকৰণ কোনো কাৰণতে সহ্য কৰা নহব বুলি সংগঠনকেইটাই ঘোষণা কৰিছে।