December 5, 2025 12:15 PM December 5, 2025 12:15 PM

views 10

আজি বিয়লি ৩ বাজি ৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান

■ আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

December 3, 2025 11:28 AM December 3, 2025 11:28 AM

views 8

বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ টাই-আহোম উন্নয়ন পৰিষদৰ

● টাই-আহোম উন্নয়ন পৰিষদে শিৱসাগৰ নগৰ সমীপৰ বেতবাৰী মৌজাত থকা আহোম ৰাজত্ব কালৰ বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে পৰহি মৈদামৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই প্ৰায় ৪৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই দেৱালখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে টাই-আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ'ব।

November 25, 2025 12:58 PM November 25, 2025 12:58 PM

views 17

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে শিৱসাগৰত জোঁৰ সমদল

■ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি প্ৰকৃত জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ দাবীত কালি শিৱসাগৰ জিলাৰ দিচাংমুখত টি এম পি কে, এম এম কে আৰু টি এম এম কে-ৰ দিচাংমুখ, শিৱসাগৰ নগৰ, দিখৌমুখ আৰু কৈৱৰ্ত দলনী আঞ্চলিক সমিতিৰ উদ্যোগত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে কালি সন্ধিয়া দিচাংমুখৰ প্ৰয়াত ছাত্রনেতা অনিল পাংগিং সোঁৱৰণী ভৱনৰ পৰা জোঁৰ সমদল কৰি দিচাংমুখ খেলপথাৰত সমবেত হৈ জনজাতি সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত বিভিন্ন শ্ল'গানেৰে চৰকাৰৰ প্ৰতি আহ্বান জনায়। ৫ শতাধিক লোকে অংশগ্ৰহণ কৰা...

November 17, 2025 1:15 PM November 17, 2025 1:15 PM

views 14

ছটা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্র সন্থাৰ জোৰ সমদল

আহোমসহ ছটা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত কালি সন্ধিয়া সদৌ টাই আহোম ছাত্র সন্থাই শিৱসাগৰত জোৰ সমদল উলিয়ায়। আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তলাতল ঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰলৈ এই জোৰ সমদল উলিওৱা হয়। আটাছুৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ উপৰি জনগোষ্ঠীটোৰ বহুসংখ্যক লোকে বিভিন্ন শ্লোগানেৰে জনজাতিকৰণৰ দাবী জনায়।

November 13, 2025 1:07 PM November 13, 2025 1:07 PM

views 14

শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন

● শিৱসাগৰ জিলাৰ পৰাগধৰ চলিহা খেলপথাৰত আজিৰেপৰা ১৬ নৱেম্বৰলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ আয়োজন কৰা হৈছে। মহিলাসকলক আধ্যাত্মিক শিক্ষাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে যোগ-প্রাণায়াম, আলোচনা চক্র, গীতা-ভাগৱতৰ তত্ত্ব কথা, দিহানাম আদিৰ আয়োজন কৰা হৈছে। সন্মিলনৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। এই সন্মিলনত ৰাজ্যখনৰ প্ৰায় ৩ হাজাৰ মহিলাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।

November 13, 2025 1:00 PM November 13, 2025 1:00 PM

views 13

দীৰ্ঘদিন ধৰি শিৱসাগৰত ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ

■ শিৱসাগৰ আৰক্ষীয়ে কালি অভিযান চলাই ৰাজপথত দীৰ্ঘদিন ধৰি ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক কালি গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ৫ জনীয়া যুৱকৰ এটা দলে শিৱসাগৰ বাইপাছত দূৰণিবটীয়া যাত্রীবাহী বাহনৰ পৰা নিশা ভাবুকি দেখুৱাই ধন আদায় কৰিছিল। আৰক্ষীয়ে এই খবৰ লাভ কৰি কালি দলটোক আটক কৰে। আৰক্ষীয়ে ইতিমধ্যে ধন দাবীৰ গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰিছে। যুৱক কেইজনৰ পৰা কেইবাখনো মটৰ চাইকেল জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ...

September 22, 2025 7:03 PM September 22, 2025 7:03 PM

views 12

শিৱসাগৰ জিলাৰ ডিমৌৰ এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ইফতিকাৰ বিতু ৰহমানৰ পথ দুৰ্ঘটনাত মৃত্যু

শিৱসাগৰ জিলাৰ ডিমৌৰ এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ইফতিকাৰ বিতু ৰহমানৰ কালি সন্ধিয়া এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। ডিমৌ প্ৰেছ ক্লাৱত অনুষ্ঠিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ দিহাজানস্থিত বাসগৃহলৈ এখন স্কুটিৰে গৈ থকা অৱস্থাত ইফতিকাৰ ৰহমান দুৰ্ঘটনাত পতিত হয়। সাংবাদিকগৰাকী প্ৰায় ডেৰ ঘণ্টা ধৰি পথত পৰি থকাৰ পাছত কেইজনমান স্থানীয় যুৱকে তেওঁক উদ্ধাৰ কৰে আৰু আৰক্ষীৰ সহযোগত চিকিৎ‍সালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত সাংবাদিকগৰাকীৰ বয়স হৈছিল ৪৬ বছৰ।

September 8, 2025 4:08 PM September 8, 2025 4:08 PM

views 20

গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়

■ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ড০ গোস্বামীয়ে কয়, যে অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যথাযোগ্য কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মাধৱ কন্দলী, শংকৰদেৱ আদি বৰেণ্য অসমীয়া সাহিত্যিকৰ সাহিত্যৰাজীক ভাৰতত প্ৰতিষ্ঠা কৰাৰ বাবে সাহিত্য সভাই লোৱা পদক্ষেপৰ বিষয়ে তেওঁ প্ৰকাশ কৰে। ড০ গোস্বামীয়ে লগতে কয়, যে শিক্ষা ব্যৱস্...

September 5, 2025 7:39 PM September 5, 2025 7:39 PM

views 8

শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সেৱা সপ্তাহ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি সেৱা সপ্তাহ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। সেৱা সপ্তাহ উদযাপনৰ অংশ হিচাপে বিধানসভা ভিত্তিত হ'বলগীয়া মেগা স্বাস্থ্য সেৱা শিবিৰৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। ডিমৌ সমষ্টিৰ বাবে অহা ১৯ ছেপ্তেম্বৰত, নাজিৰা সমষ্টিৰ বাবে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২৬ ছেপ্তেম্বৰত শিবিৰৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত গৰাকীয়ে সেৱা সপ্তাহৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে সশ্লিষ্ট বিভাগ সমূহক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। জিলা আয়ুক্ত আয়...

September 5, 2025 7:33 PM September 5, 2025 7:33 PM

views 11

শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান-বাহনৰ নিয়মাৱলী, প্রতিমা বিসর্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি সমূহক এই বৈঠকত জিলা প্ৰশাসনৰ নিয়মাৱলী সম্পৰ্কে অৱগত কৰা হয়। জিলা প্রশাসনে প্রতিখন পূজা মণ্ডপত চি চি টিভিৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে পূজা সমিতি সমূহক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্য্যাপ্ত পোহৰৰ ব্...