January 7, 2025 1:02 PM
15
সমাগত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় প্ৰাক বাজেট আলোচনাৰ কালি সামৰণি
সমাগত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অনুষ্ঠিত প্রাক বাজেট আলোচনাৰ কালি নতুন দিল্লীত সামৰণি পৰে। যোৱা ৬ ডিচেম্বৰৰ পৰা এমাহজুৰি এই আলোচনা অব্যাহত আছিল। এই আলোচনাৰ সময়ছোৱাত নটা অংশীদাৰীত্ব গোটৰ লগতে এশৰো অধিক আমন্ত্রিত লোকে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত কৃষক সংঘ আৰু কৃষি অর্থনীতিবিদ, ট্রেড ইউনিয়ন, শিক্ষা আৰু স্বাস্থ্য খণ্ড, বাণিজ্য আৰু সেৱা, উদ্যোগ, অর্থনীতিবিদ, বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিয়ে আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাকালত অংশ...