August 21, 2025 5:33 PM

views 25

৩ দিনীয়া ভ্রমণসূচীৰে দেওবাৰে ভাৰতলৈ আহিব ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা

ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা অহা দেওবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰী ৰাবুকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। শ্রী মোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে মধ্যাহ্ন ভোজমেলৰ আয়োজন কৰিব। শ্ৰী ৰাবুকাই নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। তেওঁ নতুন দিল্লীৰ ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদত শান্তিৰ মহাসাগৰ সন্দৰ্ভত ভাষণ দিব। এই ভ্ৰমণকালত ভিজিৰ প্ৰধানমন...