December 11, 2025 7:37 PM

views 25

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিৰ কাইলৈ আদালতত অভিযোগনামা দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে আদালতত অভিযোগনামা দাখিলৰ পাছত এছ আই টি বা আৰক্ষীৰ কাম শেষ হ'ব আৰু নিৰ্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়। আমাৰ আগৰ বাতবিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন...