October 21, 2025 11:59 AM October 21, 2025 11:59 AM
21
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ বৈঠক
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হৈছে। এছ আই টিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰণ গোৱেলৰে গঠিত দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিনৰ মৃত্যু সন্দৰ্ভত যাবতীয় তথ্য গ্ৰহণ কৰিব। ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত গোটৰ মুৰববী গুপ্তাই পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সকলো অৱগত কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।