December 12, 2025 11:32 AM

views 12

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আদালতত আজি এছ আই টিৰ অভিযোগনামা দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু হোৱা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি আদালতত অভিযোগনামা দাখিল কৰিছে। দীঘলীয়া অনুসন্ধান আৰু ৩ শতাধিক লোকৰ সাক্ষ্যৰ ভিত্তিত এছ আই টিয়ে গোচৰটোৰ অভিযোগনামা সাজু কৰি উলিয়াইছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰটোৰ অভিযোগনামা আজি আদালতত দাখিল কৰা হ'ব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই এছ আই টিয়ে অভিযোগনাম...

November 12, 2025 12:37 PM

views 32

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত কমেও ১৪০ জন লোকৰ সাক্ষ্য গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত ক্ষিপ্র গতিত চলি আছে আৰু এতিয়ালৈকে কমেও ১৪০ জন লোকৰ সাক্ষ্য গ্রহণ কৰা হৈছে। এই ঘটনাৰ অনুসন্ধান চলাই থকা বিশেষ তদন্তকাৰী গোটৰ মুৰববী মুন্না প্রসাদ গুপ্তাই এই বিষয়ে প্রকাশ কৰিছে। তেওঁ কয়, যে মুম্বাই আৰু ছিংগাপুৰৰ পৰাও আৰক্ষীয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৮ ডিচেম্বৰত এই ঘটনাৰ অভিযোগনামা দাখিল কৰা হ'ব বুলি ইতিপূর্বে প্রকাশ কৰিছে। তেওঁ লগতে এই ঘটনাত জড়িতসকলক কোনো কাৰণতে ৰেহাই ...

October 27, 2025 6:17 PM

views 39

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্তৰ বাবে সাজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে মূলত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আৰু পৰিস্থিতি সম্পৰ্কীয় ৪ টা বিষয়ক তদন্তত সামৰি ল'ব। আয়োগে ছিংগাপুৰত ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ সকলোবোৰ পৰিঘটনাৰ ক্রম নির্ণয় কৰিব। তদুপৰি তদন্তত ৰৈ যোৱ...

October 24, 2025 6:00 PM

views 44

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ পাঁচজনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। ছিংগাপুৰ আ...

October 24, 2025 12:21 PM

views 55

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত তদন্ত সামৰি দুগৰাকী বিষয়া গুৱাহাটীত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্তৰ উদ্দেশ্যে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট SIT ৰ দুগৰাকী বিষয়া মুন্নাপ্রসাদ গুপ্তা আৰু তৰুণ গোবেল কালি গুৱাহাটীলৈ উভতি আহে। যোৱা ২০ অক্টোবৰত মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ ৰাওনা হোৱা দুজনীয়া দলটোৱে চাৰিদিনীয়া তদন্ত সামৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ বহু গুৰুত্বপূৰ্ণ তথ্য প্রমাণ লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি সদৰি কৰিছে। SIT-ৰ দলটোৱে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ অগ্রগতি সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ সৈতে ডেৰঘণ্টীয়া আনুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ লগতে ছ...

October 14, 2025 11:08 AM

views 32

জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ দৃশ্যসমূহ পুনৰ উদ্ধাৰ এছ আই টিৰ

● ছিংগাপুৰৰ সমুদ্ৰত জুবিন গাৰ্গৰ অন্তিম সময়ৰ মোবাইলত আবদ্ধ কৰা দৃশ্যসমূহ এছ আই টিয়ে পুনৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। অভিযুক্ত অমৃত প্রভা মহন্তই মচি পেলোৱাৰ পাছত অসম আৰক্ষীৰ তথ্য প্রযুক্তি বিশেষজ্ঞই এই ভিডিঅ'সমূহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰে। অৱশ্যে এই প্রতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্রক্রিয়া ক্ষীপ্ৰ গতিত আগবাঢ়িছে বুলি...

October 10, 2025 12:56 PM

views 57

ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ'ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়। সোধা-পোচাৰ সময়ত কলিতাই আৰক্ষীক তদন্তত সহযোগিতাৰ আশ্বাস দিয়ে। ইপিনে এছ আই টিয়ে কলিতাক সোধা-পোচা কৰাৰ পাছত দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য লাভ কৰিছে। বিশেষকৈ ছিংগাপুৰৰ সাগৰলৈ যোৱাৰ সময়ত য়'টত জুবিন...

October 7, 2025 12:39 PM

views 75

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

● জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ. আই. টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল...

October 1, 2025 6:56 PM

views 61

শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ

জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজি আদালত বন্ধ থকা হেতুকে অভিযুক্ত দুজনক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয়। জনপ্রিয় শিল্পীগৰাকীৰ ছিংগাপুৰত আচহুৱা পৰিস্থিতিত মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়ে চি আই...

October 1, 2025 5:11 PM

views 80

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

■ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই চি আই ডিৰ কাৰ্যালয়লৈ লৈ আহে। আজি আদালত বন্ধ থকা হেতুকে তেওঁলোকক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ছিংগাপুৰত বিশেষ পৰিস্থিতিত জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়...