September 2, 2025 1:56 PM

views 6

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি বিয়লি ভাৰতত উপস্থিত হ'ব। ভ্রমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। অভ্যাগত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ী সকলকো সাক্ষাৎ কৰাৰ কথা আছে। ভ্ৰমণকালত উভয় দেশৰ মাজত সামৰ্থ বিকাশ, মহাকাশ আৰু নৌ খণ্ডত সহযোগিতা, অসামৰিক বিমান পৰিবহণ, অর্থনীতি আদি বিভিন্ন ক্ষেত্ৰত ভালেকেইখন চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। ছিংগাপুৰত বিগত বৰ্ষৰ ছেপ্তেম্বৰত হোৱা আলোচনা মৰ্মে উভয় ...