January 15, 2025 10:44 AM January 15, 2025 10:44 AM
8
ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত
ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম কালি পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। নতুন দিল্লীৰ বিমান বন্দৰত কালি তেওঁক বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে আদৰণি জনায়। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰীশ্বনমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু অন্যান্য ভাৰতীয় প্ৰতিনিধিসকলে ৰাষ্ট্ৰপতি থৰমনক সাক্ষাৎ কৰিব। এই ভ্রমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধা...