May 4, 2025 11:44 AM

views 19

ছিংগাপুৰৰ সাধাৰণ নিৰ্বাচনত পিপলছ এক্সন পার্টী পুনৰ জয়ী

ছিংগাপুৰত দীৰ্ঘদিন ধৰি শাসনত থকা পিপলছ এক্সন পার্টীয়ে সাধাৰণ নিৰ্বাচনত পুনৰ জয়ী হৈছে। দেশখনৰ নির্বাচন বিভাগে ঘোষণা কৰা মতে প্রধানমন্ত্ৰী লৰেন্স ৱঙৰ পিপলছ এক্সন পার্টীয়ে ৮২ খন সংসদীয় আসন লাভ কৰিছে। দলটোৱে ৫ খন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াকে ধৰি দলটোৱে মুঠ ৯৭ খন আসনৰ ভিতৰত ৮৭ খন আসন লাভ কৰিছে। আনহাতে ৱৰ্কাৰ্ছ পাৰ্টীয়ে ১০ খন আসন লাভ কৰিছে। উল্লেখযোগ্য যে, পিপলছ এক্সন পার্টীয়ে নির্বাচনত ৬৫.৬ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে।