April 15, 2025 8:36 PM

views 53

প্ৰধানমন্ত্ৰী পৰামৰ্শ মতে ৰাষ্ট্ৰপতি থামান শ্বানমুগাৰত্নমে ছিংগাপুৰৰ সংসদ ভংগ কৰে

ছিংগাপুৰত আজি প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি থামান শ্বানমুগাৰত্নমে সংসদ ভংগ কৰে। ইয়াৰ পাছতে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে প্রধানমন্ত্রী ৱঙে শাসকীয় পিপলছ একচন পাৰ্টীৰ নেতা হিচাপে প্ৰথমটো কাৰ্য্যভাৰ বিচৰাৰ সম্ভাৱনা আছে। নির্বাচন বিভাগে বিয়লিৰ ভাগত নিৰ্বাচনৰ দিন ধাৰ্য্য কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, বিগত বছৰত ছিংগাপুৰৰ প্ৰতিষ্ঠাপক প্ৰধানমন্ত্ৰী লি কুৱান ইউৰ পুত্ৰ লি ছিয়েন লুঙৰ পাছতলৰেন্স ৱঙে প্ৰভাৱশালী লী পৰিয়ালৰ দশক দশক ধৰি চলি অহা শাসনৰ অৱসান ঘটায় ৷