December 10, 2025 9:08 PM

views 19

দৃষ্টিহীন মহিলাৰ টি-২০ ক্রিকেট বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক ৰাজ্যপালৰ সম্বৰ্ধনা

ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি লোক ভৱনত দৃষ্টিহীন মহিলাৰ টি-২০ ক্রিকেট বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক সম্বৰ্ধনা জনায়। খেলুৱৈগৰাকীক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে চিমু দাস দেশৰ যুৱ প্ৰজন্মৰ প্ৰকৃত আদৰ্শ আৰু খেলুৱৈগৰাকীৰ যাত্ৰা, আশা, নিষ্ঠা আৰু ক্ৰীড়া উৎকৰ্ষৰ প্ৰতীক।

December 6, 2025 12:36 PM

views 24

দৃষ্টিহীন মহিলা টি-২০ ক্রিকেট বিশ্বকাপ জয়ী কৰা সিমু দাসক মুখ্যমন্ত্রীৰ সাক্ষাৎ

 দৃষ্টিহীন মহিলা টি-২০ ক্রিকেট বিশ্বকাপ জয়ী কৰা ভাৰতীয় দলৰ অন্যতম সদস্যা সিমু দাসে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে অসমক গৌৰৱান্বিত্ব কৰা সিমুক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু খেলুৱৈগৰাকীৰ ক্ৰীড়া যাত্ৰা আগুৱাই নিয়াৰ বাবে ১০ লাখ টকাৰ চেক প্রদান কৰে।