August 17, 2025 12:48 PM

views 17

সীমা বিশ্বাস অভিনীত ‘অনশুনি চিখেঁ’ ছবিলৈ ঊনবিংশ অযোধ্যা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান

ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত প্ৰসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে এককভাৱে অভিনয় কৰা ‘অনশুনি চিখেঁ’ নামৰ চুটি ছবিখনে ঊনবিংশ অযোধ্যা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান লাভ কৰিছে। ইতিপূৰ্বে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰা এই ছবিখন ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত কাহিনীৰে নিৰ্মাণ কৰা হৈছে। এগৰাকী যুৱতীৰ প্ৰত্যাহ্বানেৰে ভৰা কষ্টকৰ তথা শক্তিশালী জীৱনযাত্ৰাক চিত্রায়িত কৰা এই চুটি ছবিখন পাৰ্থ সাৰথি মহন্তই পৰিচালনা আৰু মীনা ...