November 22, 2025 8:31 PM
22
শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৌশিক ৰায়ৰ
শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি এই কথা প্রকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ-গুৱাহাটী যাত্রা সুচল আৰু ক্ষীপ্ৰ কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে হাৰাংগাজাওৰ পৰা জাতিঙ্গালৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে হাৰাংগাজাওৰ পৰা নিৰিমবাংলোলৈ ৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম দ্রুতগতিত আগবঢ়িছে। পৰিকল্পনা অনুসৰি ...