January 17, 2025 8:20 PM January 17, 2025 8:20 PM
11
ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসৰ দিনা শিল্পী দিৱস পালন
আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱসত আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ...