January 16, 2025 6:56 PM

views 28

কাইলৈ শিল্পী দিৱস; গোলাঘাটত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কাৰ্যসূচী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্রদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ড° অনিমা চৌধুৰী আৰু মুকুল ৰাভাক চলিত বছৰৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ সন্মানীয় নটসূৰ্য্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰবীন অভিনেত্রী হীৰা নেওগলৈ আ...