January 17, 2026 7:20 PM

views 21

আজি ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস পালন

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিল্পী দিৱসৰ পবিত্র ক্ষণত অসমীয়া সংস্কৃতিক নৱ চেতনাৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী অস...