April 3, 2025 8:19 PM

views 23

শিলচৰৰ বামনগৰ বাইপাছত সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত, ৪ জন লোক গুৰুতৰভাৱে আহত

শিলচৰৰ বামনগৰ বাইপাছত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। ৰামনগৰৰ আই এছ বি টিৰ সমীপত মাটিভর্তি এখন ডাম্পাৰ আৰু যাত্রীবাহী অটোবিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আফছানা বেগম নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু হয়। প্রত্যক্ষদর্শীয়ে জনোৱা মতে অটোরিক্সাখনৰ চালক আৰু আন তিনিজন যাত্ৰীৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকক উপযুক্ত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰা হৈছে। ডাম্পাৰখনৰ চালক বৰ্তমান ...

March 28, 2025 6:31 PM

views 31

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পিন্টু ৰাজপুত নামৰ মৃত কয়দীজন কাছাৰৰ নতুন কাঞ্চনপুৰ গাঁৱৰ বাসিন্দা আছিল আৰু তেওঁ দুমাহ পূৰ্বে শিলচৰ আৰক্ষীয়ে গৰু চুৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। আজি পুৱা কাৰাগাৰ আৰক্ষীয়ে কয়দীজনৰ মৃতদেহ প্রত্যক্ষ কৰাৰ লগে লগে তাৰাপুৰ থানাক অৱগত কৰে। তাৰাপুৰ আৰক্ষীয়ে দণ্ডাধীশৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ...

March 21, 2025 7:54 PM

views 23

শ্লীলতাহানিৰ অভিযোগত এন আই টি শিলচৰৰ এগৰাকী অধ্যাপকক নিলম্বন

এন আই টি শিলচৰৰ ইলেকট্রিকেল ইঞ্জিয়াৰিং বিভাগৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ অভিযোগত বিভাগটোৰ এগৰাকী অধ্যাপকক নিলম্বন কৰা হৈছে। অভিযোগ অনুসৰি অধ্যাপকগৰাকীয়ে ছাত্ৰীগৰাকীক অনুচিতভাৱে স্পৰ্শ কৰাৰ চেষ্টা চলায় । পাছত ছাত্ৰীগৰাকীয়ে এই কাণ্ডৰ বিষয়ে অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ পাছত তেওঁলোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এন আই টি শিলচৰৰ সঞ্চালক আৰু পঞ্জীয়কক দাবী জনায়। অভিযোগক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোৰ কেইবাশ ছাত্র-ছাত্রীয়ে কালি অধ্যাপকগৰাকীক শাস্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰ...

March 18, 2025 6:41 PM

views 19

শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। চিকিৎসালয়খনৰ ৬,৩৩৫ বর্গমিটাৰ এলেকা সামৰি ২৪ কোটি টকা ব্যয়সাপেক্ষে এই ৫০খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ ভৱনটো নিৰ্মাণ কৰা হ'ব। এই ভৱনত অস্ত্ৰোপচাৰ কক্ষ, ডায়েলেছিছ কক্ষ, শিশু চিকিৎসা কক্ষকে ধৰি উন্নত মানৰ সকলো সা-সুবিধা থাকিব। মুখ্যমন্ত্রীয়ে এই ভৱনৰ আধাৰশিলা স্থাপন কৰি শিলচৰত ২০০খন বিছনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে...

August 25, 2024 11:00 AM

views 31

ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এক নিদর্শন স্থাপন কৰাতো এক অনন্য কৃতিত্বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি কাছাৰ জিলা বাৰ এছ'চিয়েচনৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলা বাৰ এছ'চিয়েচনৰ ডেৰশ বছৰ এক দীঘলীয়া পৰিক্ৰমা বুলি মন্তব্য কৰি কয় যে, ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এক নিদর্শন স্থাপন কৰাতো এক অনন্য কৃতিত্ব। ভাৰতবৰ্ষ হৈছে গণতন্ত্রৰ জননী বুলি উল্লেখ কৰি তেওঁ কয় যে, ভাৰতীয় গণতন্ত্র অন্যতম মূল ভিত্তি হৈছে ন্যায় পালিকা। অধিবক্তাসকল ন্যায়িক ব্যৱস্থাট...