August 11, 2025 8:42 PM August 11, 2025 8:42 PM

views 4

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন চিকিৎসা সামগ্ৰী, মেচিনকে ধৰি সা-সঁজুলি নষ্ট দুৰ্বৃত্তৰ

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা নিশা এটা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি উপদ্ৰব চলোৱাৰ লগতে বিভিন্ন আচবাব নষ্ট কৰে। দলটোৱে চিকিৎসা মহাবিদ্যালয়খনৰ ডায়েলেচিচ ইউনিটত ডায়েলেচিচ মেচিনৰ ডিছপ্লে, ৰোগীৰ বিছনা, একাধিক কম্পিউটাৰ, চিকিৎসা সামগ্ৰী আৰু বিভিন্ন সা-সঁজুলি নষ্ট কৰে। উল্লেখযোগ্য যে, এই কেন্দ্ৰটোত ১৪ টা ডায়েলেচিচ মেচিন আছিল যদিও এতিয়া ইয়াৰ চাৰিটামানহে কাৰ্যক্ষম হৈ আছে বুলি চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ জনাইছে। এই কেন্দ্ৰটোত বিনামূলীয়াকৈ ৰোগীক ডায়েলেচিচৰ ব্যৱস্থা কৰা হয়। ঘটনা সন্দৰ...