December 12, 2025 8:00 PM December 12, 2025 8:00 PM
শিলচৰৰ কাটিগড়াত বৰাক নৈৰ গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ
শিলচৰৰ কাটিগড়াত বৰাক নৈৰ ওপৰত থকা গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ কৰি দিয়া হৈছে। কাছাৰ জিলা প্ৰশাসনৰ দুৰ্যোগ প্রশমন বিভাগে এখন জাননীযোগে এই কথা প্ৰকাশ কৰিছে। জৰুৰী মেৰামতিৰ বাবে দলংখন অহা দেওবাৰৰ সন্ধিয়া ৬ বজালৈ বন্ধ কৰি দিয়া হৈছে। জাননীখনত উল্লেখ কৰা মতে বিকল্প পথ হিচাপে কালাইন-খাম্বাৰ বজাৰ-বিহাৰা-বাবুৰ বজাৰ- বৰখলা হৈ যান-বাহন চলাচল কৰিব পাৰিব। অৱশ্যে শিলচৰ-কালাইন সংযোগী পথেৰে ১৫ মেট্রিক টনৰ অধিক সামগ্ৰী কঢ়িওৱা গধূৰ বাহন চলাচল কৰিব নোৱাৰিব বুলি জ...