October 23, 2025 9:09 PM

views 17

শিলচৰত গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আঁৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক গ্ৰেপ্তাৰ

শিলচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক আজি শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এখন ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰী এই লোকজন শিলচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ১৩ জন ভুৱা চিকিৎসকক প্ৰমাণপত্ৰ প্ৰদানকে ধৰি কেতবোৰ নীতি বহির্ভুত কার্যত জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে অভিযুক্ত দাসে দীৰ্ঘদিন ধৰি চলাই অহা ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান নামৰ স্বীকৃতি ব...