December 7, 2025 7:10 PM December 7, 2025 7:10 PM
8
শিলচৰৰ উধাৰবন্দত ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উধাৰবন্দত সমষ্টিটোৰ ১৫,৩০১গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰে ৰাজ্যৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ পথ প্ৰশস্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত ড০ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যানমূলক আঁচনিত আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি শিলচৰৰ আৰক্ষী অতিথিশালাত ...